ভয়ংকৰ ঘটনা! ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা, লুটি নিলে ৫০ হাজাৰ টকা…

ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা।

এইবাৰ বৰপেটাৰোডত গুলীচালনাৰ ঘটনা৷

ৰাধে কৃষ্ণ হাৰ্ডৱেৰলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ৷

গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা৷

দুখন বাইকত আহি ৪টা দুৰ্বৃত্তই চলালে লুটপাট৷

বৰপেটাৰোডৰ কলহভাঙাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা৷

ঘটনাৰ সময়ত প্ৰতিষ্ঠানখনতে আছিল স্বত্বাধিকাৰী ডিম্পল সাহা।

গুলীচালনাত হতাহত হোৱা নাই কোনো লোক৷

বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।