ভদীয়া বানৰ তাণ্ডৱঃ বানে উটুৱাই নিলে কোটিটকীয়া কাঠৰ দলঙৰ মাজ অংশ…

বৰপেটা জিলাৰ চেঙাৰ কাছুমাৰাত ভদীয়া বানৰ তাণ্ডৱ।

বানে উটুৱাই নিলে কোটিটকীয়া কাঠৰ দলঙৰ মাজ অংশ।

নিৰ্মানৰ তিনি-চাৰি মাহ নহওতেই বানৰ সোঁতে উটুৱাই নিলে সদাব্যস্ত ৰাজপথৰ প্ৰায় কোটিটকীয়া কাঠৰ দলংৰ মাজভাগ।

যিকোনো মূহুৰ্ত্ততে নিশ্চিহ্ন হ’ব পাৰে কাঠৰ দলৰ অৱশিষ্ট দুয়োমূৰ।

মঙ্গলবাৰৰ পুৱাৰ ভাগত হঠাৎ বাঢ়নী পানীয়ে উটুৱাই ল’ই যায় দলংৰ মাজ ভাগ।

দলংখনৰ মাজভাগ এইদৰে বানে উটুৱাই নিয়াত কাছুমাৰা-মহচৰা আদিকে ধৰি প্ৰায় কুৰি খনকৈ গাঁৱৰ ব্যাহত হৈ পৰে যাতায়ত ,হাহাকাৰ লাগিছে সংশ্লিষ্ট ৰাইজৰ মাজত।

শীঘ্ৰে চৰকাৰৰ লোক নিৰ্মাণ বিভাগ-প্ৰশাসনক সষ্টম হৈ ৰাইজক যাতায়তৰ নিৰাপত্তা প্ৰদানৰ দাবী সচেতন মহলৰ।

Leave a Comment