অসম

গুৱাহাটীৰ ৰেভ পাৰ্টি কাণ্ডৰ তিনি অভিযুক্তৰ জামিন আবেদন নাকচ…

গুৱাহাটীৰ ৰেভ পাৰ্টি কাণ্ডৰ তিনি অভিযুক্তৰ জামিন আবেদন নাকচ।

কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে নাকচ কৰে জামিন।

অভিযুক্ত সুমিত বেৰীয়া, দেৱৰ্ষী বেৰিয়া আৰু হীৰেন্দ্ৰ সিনহাৰ জামিন নাকচ।

আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোকাধিবক্তা মাখন ফুকনে।

উল্লেখ্য ১৪ আগষ্টৰ নিশা মহানগৰীৰ খাৰঘূলিস্থিত ৰিভেৰা এপাৰ্টমেন্টত ৰেভ পাৰ্টিত নিষিদ্ধ কোকেইন সেৱন কৰি ধৰা পৰিছিল প্ৰায় ১৮ জনকৈ লোক।

ইতিমধ্যে পাৰ্টীটোৰ বাবে কোকেইন যোগান ধৰা দিল্লীৰ বিশাৰ চৌধুৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *