ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে আপোনাৰ আধাৰ কাৰ্ডখন? জানক অন্তিম সময়সীমাৰ বিষয়ে…

নিউজ ডেস্কঃ দেশবাসীৰ বাবে এক ভাল খবৰ।

এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা।

এক নিৰ্দেশনা জাৰি কৰি এই সময়সীমা বৃদ্ধিৰ কথা অৱগত কৰে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়য়ে।

উল্লেখ্য যে, পূৰ্বে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংকৰ অন্তিম সময় আছিল ২০২৩ চনৰ ১ এপ্ৰিল।

কিন্তু এই সময়সীমা ২০২৪ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।

প্ৰণিধানযোগ্য যে, আইন মন্ত্ৰালয়ে পূৰ্বে স্পষ্ট কৰি দিছিল যে আধাৰ-ভোটাৰ আইডি লিংক কৰাটো স্বেচ্ছামূলক আৰু লিংক কৰিবলৈ ভোটদাতাৰ সন্মতি ল’ব লাগিব।

এই বিষয়টো উচ্চতম ন্যায়ালয়ত বৰ্তমান বিচাৰধীন হৈ আছে।