ৰাষ্ট্ৰীয়

ভগ্নীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল দুই ভাতৃ, পথ দুৰ্ঘটনাত সাৱটিলে কৰুণ মৃত্যুক…

এক কৰুণ পথ দুৰ্ঘটনা।

ভগ্নীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল দুই ভাতৃ।

উত্তৰ প্ৰদেশৰ বান্দা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় কইনাৰ দুয়োগৰাকী ভাতৃয়ে।

ভগ্নীৰ বিয়াৰ সামগ্ৰী বজাৰ কৰি বাইকেৰে ঘৰলৈ উভতিছিল দুয়ো গৰাকী ভাতৃ।

তেনে সময়তে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মনণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত এজন ভাতৃয়ে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে আন এগৰাকীক আৰক্ষীয়ে হাস্পতালত নিয়াৰ পথতে প্ৰাণ হেৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *