বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন…

নিউজ ডেস্কঃ সুদীৰ্ঘ ৬৫ দিনৰ কাৰাবাসৰ পিছত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল টীয়াকৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখাৰ অপৰাধত ১৮ মে’থ গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক।

তাৰ পিছত কাৰাগাৰাৰ ভিতৰৰ পৰা স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল ডিচিবি কলেজৰ ছাত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ ৰাজ্যজুৰি বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপন হোৱাৰ সময়তে ১৯ বৰ্ষীয় যুৱতীগৰাকীৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

দুমাহৰো অধিক সময় কাৰাবন্দী হৈ থাকি মুকলি হ’ল বৰ্ষাশ্ৰী। কিন্তু বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ মাত্ৰ এদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিতোপন এতিয়াও কাৰাবন্দী হৈয়ে আছে। যাৰ বাবে এতিয়া বিতোপন চাংমাই মুক্তিৰ দাবীৰে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষ।

photo1658740622
বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন… 6

সামাজিক মাধ্যমতো দ্ৰুত গতিত উত্থাপন হৈছে বিতোপনৰ মুক্তিৰ প্ৰসংগ।

দৰাচলতে আমগুৰি থানাৰ অধীনৰ চামগুৰিৰ জেহেনীয়া শেনচোৱা চুকৰ বিতোপন চাংমাই নামৰ ২৩ বৰ্ষীয় যুৱকজনৰ অপৰাধ আছিল বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটো। যাৰ বাবে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ এদিন পিছতে অৰ্থাৎ ১৯ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল স্নাতক ডিগ্ৰীধাৰী যুৱকজনকো।

photo1658740599
বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন… 7

চামগুৰিৰ পুতুল চাংমাই আৰু ডেইজী চাংমাইৰ একমাত্র পুত্ৰ বিতোপন চাংমা বিগত দুটা মাহৰো অধিক সময় কাৰাবন্দী হৈ থকাত একপ্ৰকাৰ ভাগি পৰিছে পৰিয়ালটো।

একমাত্ৰ পুত্ৰৰ জামিন বিচাৰি হাবাথুৰি খাইছে পিতৃ-মাতৃ।

শেহতীয়াকৈ বৰ্ষাশ্ৰীৰ মুক্তিয়ে পৰিয়ালটোলৈ অলপ আশাৰ ৰেঙনি কঢ়িয়াইছিল ঠিকেই, কিন্তু এতিয়াও কাৰাবন্দী হৈ থকা বিতোপনে এতিয়াও লাভ কৰা নাই জামিন। যাৰ বাবে বিভিন্ন দল-সংগঠনে এতিয়া বিতোপন চাংমাইৰ মুক্তিৰ দাবী তুলিছে।

photo1658740556
বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন… 8

সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আৰু চামগুৰি আঞ্চলিক সমিতিয়ে বিতোপনৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি যুৱকজনৰ মুক্তিৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক দাবী জনায়।

লগতে চাওকঃ

‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?

G2 2
বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন… 9

প্ৰশিক্ষণ সময়তে দুৰ্ঘটনাত পতিত ক্ষুদ্ৰ বিমান, কথমপি প্ৰাণৰক্ষা যুৱতী প্ৰশিক্ষাৰ্থীৰ…

G3 2
বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট কৰাটোৱেই অপৰাধ আছিল বিতোপনৰ! বিগত দুমাহ ধৰি কাৰাবন্দী চামগুৰিৰ যুৱকজন… 10