অসম

বৰ্তমানৰ মূল্যবৃদ্ধি ২০-৩০ বছৰ পূৰ্বৰ ভুলৰ পৰিণতিঃ জয়ন্ত মল্ল বৰুৱা…

প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি হৈছে ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

একপ্ৰকাৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ মানুহৰ জন জীৱন।

এনে সময়তে নলবাৰীৰ বিধায়ক তথা মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাই মূল্যবৃদ্ধি সম্পৰ্কত কৰিছে বিশেষ মন্তব্য।

জয়ন্ত মল্ল বৰুৱাই বৰ্তমানৰ মূল্যবৃদ্ধি ২০-৩০ বছৰ পূৰ্বৰ ভুলৰ পৰিণতি হিচাপে অভিহিত কৰে।

মূলত পূৰ্বৰ চৰকাৰ সমূহলৈ আঙুলি টোৱাই তেওঁ কয় যে, আজিৰ পৰা ২০-৩০ বছৰ আগতেই হেনো মূল্যবৃদ্ধি ৰোধৰ পদক্ষেপ লোৱা উচিত আছিল৷ তেতিয়া তেনো ধৰণৰ কোনো পদক্ষেপ নোলোৱাৰ বাবেই অসম এখন উপভোক্তাৰ ৰাজ্য হৈ পৰিল বুলি তেওঁ মন্তব্য কৰে৷

তেওঁ কয়- বিহাৰৰ পৰা পিয়াঁজ আহিলে, অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ- কণী আহিলে, পঞ্জাৱৰ পৰা চাউল-আলু আহিলে মূল্য বাঢ়িবই।

Leave a Reply

Your email address will not be published. Required fields are marked *