বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান…

বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান।

শনিবাৰে বিয়লি ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাভাই।

স্নায়ু ৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ থাকোতে ৰভাৰ বিয়োগ ঘটে।

১৯৫৪ চনত বাকসা জিলাৰ আলাগজাৰ গাঁৱত জন্মগ্ৰহণ কৰা পানীৰাম ৰাভাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা মাধ্যম আন্দোলন, ভাষা আন্দোলন আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

১৯৮৫ চনত পানীৰাম ৰাভাই অগপ দলত যোগদান কৰে আৰু ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়।

দুটাকৈ কাৰ্য্যকালৰ বাবে অগপ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা পানীৰাম ৰাভাই ২০০১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

পানীৰাম ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।

Leave a Comment