ব্ৰিটিছ ভূমিত ত্ৰিৰংগা উৰুৱালে উত্তৰ-পূবৰ মীৰাবাঈ চানুৱে, কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়…

পুনৰ ইতিহাস ৰচিলে উত্তৰ-পূবৰ গৌৰৱ মীৰাবাঈ চানুৱে।

দেশবাসীক গৌৰৱান্বিত মীৰাবাই চানুৱে এইবাৰ ব্ৰিটিছ ভূমিত উৰুৱালে ত্ৰিৰংগা।

image 302
ব্ৰিটিছ ভূমিত ত্ৰিৰংগা উৰুৱালে উত্তৰ-পূবৰ মীৰাবাঈ চানুৱে, কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়... 2

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ হৈ জয় কৰিলে প্ৰথমটো স্বৰ্ণ।

৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক।

মীৰাবাই একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে।

বাৰ্মিংহামত, চানুৱে তেওঁৰ অলিম্পিক অভিলেখ উন্নত কৰে। তেওঁ স্নেচত ৮৮ কিলোগ্ৰাম তুলিছিল। খেলুৱৈজনে টকিঅ’ অলিম্পিকত ৮৪ কিলোগ্ৰাম স্নেচত তুলিছিল।

ইয়াৰ পিছত, ক্লীন এণ্ড জৰ্কত তেওঁ প্ৰথম প্ৰচেষ্টাত ১০৯ কিলোগ্ৰাম ওজন তুলিছিল।

ভাৰতে এতিয়ালৈকে বাৰ্মিংহাম গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে।

দ্বিতীয় দিনা ভাৰোত্তোলন সাংকেত সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ ৰূপৰ পদক আৰু গুৰুৰাজা পূজাৰীয়ে ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে।

উল্লেখ্য যে, কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ ১২৮ তম পদক।

টকিঅ’ অলিম্পিকত পদকৰ পিছত কমনৱেলথ গেমছত স্বৰ্ণজয় কৰি মীৰাবায়ে পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে দেশবাসীক।