ব্লেকমেইলিঙৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ধুবুৰী SP-ৰ এছক’ৰ্ট কনিষ্টবল হাইদৰ আলী…

ব্লেকমেইলিঙৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ধুবুৰী SP-ৰ এছক’ৰ্ট কনিষ্টবল হাইদৰ আলী।

দীর্ঘদিনে বিভিন্ন অপৰাধমূলক কার্যত জড়িত থাকি ত্ৰাসৰ সৃষ্টি কৰা ধুবুৰীৰ এজন আৰক্ষী কনিষ্টবল অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ যাবলগীয়া হৈছে।

জানিব পৰা অনুসৰি জিলা আৰক্ষী অধীক্ষকৰ এছক’ৰ্ট টীমত নিযুক্ত হৈ থকা হাইদৰ আলী নামৰ আৰক্ষী কনিষ্টবলজন দীর্ঘদিনে ডাবি-ধমকিৰে বিভিন্নজনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ লগতে আন বিভিন্ন অপৰাধমূলক কার্যত জড়িত হৈ আছিল।

অভিযোগ অনুসৰি একাংশ নৱপ্ৰজন্মৰ যুৱক-যুৱতীক ড্ৰাগছৰ সৈতে জড়িত কৰাই গ্ৰেপ্তাৰৰ ভাবুকিৰে ধন সংগ্ৰহ কৰি আহিছিল হাইদৰে।

ধুবুৰী ঝগৰাৰপাৰ আৰু টিয়ামাৰী অঞ্চলত দীৰ্ঘদিনে আৰক্ষী কনিষ্টবল হাইদৰ আলীয়ে স্থানীয় একাংশ উদণ্ড যুৱকক লগত লৈ পিষ্টল দেখুৱাই ৰাইজক ভয়-ভাবুকিৰে ত্ৰাসৰ সৃষ্টি কৰি অহাৰো অভিযোগ উঠিছে।

তেনে অভিযোগৰ মাজতে যোৱা নিশা স্থানীয় এজন নিৰীহ যুৱকৰ পকেটত ড্ৰাগছ ভৰাই দি ফাণ্ডত পেলোৱাৰ চেষ্টা কৰাৰ সময়তে একাংশ ৰাইজে হাতে-লোটে আটক কৰি উত্তম-মধ্যম শোধায় কনিষ্টবল হাইদৰ আলীক।

তাৰ পাছতেই কনিষ্টবলজনৰ পকেটৰ পৰা কিছু ড্ৰাগছজাতীয় সামগ্রী উদ্ধাৰ কৰি কনিষ্টবলজনক ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীক গতাই দিয়ে উত্তেজিত ৰাইজে।

স্থানীয় এজন লোকৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে কনিষ্টবলজনৰ লগতে গোলাম মস্তফা নামৰ আন এজন যুৱকৰ বিৰুদ্ধে ৩৫৬/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে।

উল্লেখ্য যে ধৃত হাইদৰ আলী ৮ম এ পি বি এনৰ আৰক্ষী কনিষ্টবল আছিল।