আৰক্ষীৰ জালত পৰিল ছদ্মবেশী সেনা বিষয়া জিয়াবুল ইছলাম…

চিকিৎসক নহয় এইবাৰ আৰক্ষীৰ জালত ভুৱা সেনা বিষয়া।

তেজপুৰৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী ভুৱা সেনা বিষয়া।

তেজপুৰৰ সেনা ছাউনীৰ কাষত বসবাস কৰাৰ সুবাদতে সেনাৰ বেশ ধাৰণ কৰি ঘূৰি ফুৰা এজন ভুৱা সেনাৰ জোৱানক আৰক্ষীয়ে আটক কৰে।

image 91
আৰক্ষীৰ জালত পৰিল ছদ্মবেশী সেনা বিষয়া জিয়াবুল ইছলাম... 4

উল্লেখ্য যে তেজপুৰৰ শালনীবাৰী আৰক্ষী চকীৰ এলেকাধীন স্থানীয় শ’লমৰা সেনা ছাউনীৰ পিছফালে বসবাস কৰা ছিদ্দিক আলীৰ পুত্ৰ জিয়াবুল ইছলামে দীৰ্ঘদিন ধৰি সেনা বিষয়াৰ বেশত চলা-ফুৰা কৰি অঞ্চলটোত একপ্ৰকাৰে সন্ত্ৰাস চলাই আহিছিল।

সেনাৰ চোৰাংচোৱা বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত স্থানীয় শালনিবাৰী আৰক্ষীয়ে এক অভিযান চলায় শ’লমৰাৰ সেনা ছাউনীৰ পিছফালৰ নিজ বাসগৃহৰ পৰা জিয়াবুলক আৰক্ষীয়ে আটক কৰে।

image 90
আৰক্ষীৰ জালত পৰিল ছদ্মবেশী সেনা বিষয়া জিয়াবুল ইছলাম... 5

লগতে জিয়াবুলৰ ঘৰৰ পৰা সেনাৰ পোছাক, লগ’, নিজৰ নাম সন্নিৱিষ্ট ষ্টিকাৰ আদিকে ধৰি সেনা জোৱানে ব্যৱহাৰ কৰা বিভিন্ন আপত্তিজনক সামগ্রী উদ্ধাৰ কৰে।

লগতে জিয়াবুলে ব্যৱহাৰ কৰা এএছ০১ ডি আৰ ২২০৭ নম্বৰৰ এখন মাৰুতি ছুইফ্‌ট গাড়ীও জব্দ কৰে।

উল্লেখ্য যে, গাড়ীখনত আর্মি অন ডিউটি লিখি চলা-ফুৰা কৰা ধৃত জিয়াবুল একালত সেনা বিষয়াৰ ঘৰত ৰান্ধনি হিচাপে কাম কৰিছিল যদিও বর্তমানে সেনা বাহিনীৰ কোনো কামতে জড়িত নহয়।

image 92
আৰক্ষীৰ জালত পৰিল ছদ্মবেশী সেনা বিষয়া জিয়াবুল ইছলাম... 6

তেনে স্থলত জিয়াবুলে সেনাৰ লগ’, ষ্টিকাৰ, টুপী ঘৰত মজুত কৰি ৰখায়েই নহয়, বৰ্তমানেও সেনা বিষয়াৰ পোছাক পৰিধান কৰি ঘূৰি ফুৰা কাৰ্য অতি ৰহস্যজনক বুলি চৰ্চিত হৈছে।

সম্প্ৰতি আৰক্ষীয়ে ধৃত জিয়াবুলক জেৰা অব্যাহত ৰাখিছে।