ব্লু নহয়, ‘বুলু ফিল্ম’! মুক্তি পালে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবিৰ ট্ৰেইলাৰ…

নিউজ ডেস্কঃ এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁওকো বাৰুকৈয়ে সমস্যাত পেলাইছিল কোভিড পৰিস্থিতিৰ বাবে ঘোষণা কৰা লকডাউনে। লক ডাউনৰ সময়খিনিত মূলতঃ নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সন্মুখীন হৈছিল। সেইখন গাঁওৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন।

সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে ‘ব্লু-ফিল্ম’ অৰ্থাৎ পৰ্ণ ছবি নিৰ্মানৰ পৰিকল্পনা কৰে। সেই ‘ব্লু-ফিল্ম’ ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখা তিনিওজন যুৱকে অৱশেষত সন্মুখীন হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই কাহিনীৰে নিৰ্মান কৰা হৈছে ‘বুলু ফিল্ম’ নামৰ চিনেমাখন।

image 305
ব্লু নহয়, 'বুলু ফিল্ম’! মুক্তি পালে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবিৰ ট্ৰেইলাৰ… 2

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা ‘বুলু ফিল্ম’। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’, ‘গৰু’, ‘হিৰো’ নামৰ তিনিখন জনপ্ৰিয় চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে ‘বুলু ফিল্ম’।

এইখন চিনেমাই শেহতীয়াকৈ ‘প্ৰাগ চিনে এৱাৰ্ডত’ কেইবাটিও শিতানত বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰা প্ৰনামী বৰাই, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছিল অপুৰ্ব বৰ্মনে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে। শ্ৰেষ্ঠ আৱহ সংগীত বঁটা লাভ কৰিছিল পল্লৱ তালুকদাৰে,শ্ৰেষ্ঠ গীতিকাৰ বঁটা লাভ কৰিছিল সাগৰ সৌৰভে।

হিমাংশু প্ৰসাদ দাসৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰনামী বৰা, অপুৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ, অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস, শিখা ঠাকুৰীয়া আদিয়ে।

হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিণতিত শেষ হয়। ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখন অহা ৯ চেপ্তেম্বৰত সমগ্ৰ অসমৰ চিনেমাগৃহত মুক্তি লাভ কৰিব।