ব্রহ্মপুত্রৰ বুকুত সন্ধানহীন হোৱা ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ, এতিয়াও নিখোজ এজন…

মহানগৰীৰ পাণ্ডুত অঘটন।

দেওবাৰে দুপৰীয়া ব্রহ্মপুত্রৰ বুকুত একেলগে সন্ধানহীন হৈ পৰিছিল চাৰিজনকৈ ছাত্র।

ইয়াৰে ইতিমধ্যে ৩জন ছাত্রৰ মৃতদেহ উদ্ধাৰ হৈছে।

টিউচন কৰি ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল ছাত্রকেইজন।

এতিয়াও সন্ধানহীন আন এজন ছাত্ৰ।

মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছিল এই ঘটনা।

পাণ্ডু ঘাটত উদ্ধাৰ হৈছিল সন্ধানহীন ছাত্রকেইজনৰ স্কুল বেগ, জোতা।

পৰিয়ালৰ লোকে চিনাক্ত কৰে বেগ আৰু জোতা।

সন্ধানহীন ছাত্র কেইজন আছিল দয়াল শ্বেখ, অভিনাশ দাস, জিৎ দাস আৰু দ্বীপ সৰকাৰ।

সম্প্ৰতি উদ্ধাৰ হৈছে দয়াল শ্বেখ, জিৎ দাস, আৰু দ্বীপ সৰকাৰৰ মৃতদেহ।

আনহাতে অভিনাশ দাসৰ সন্ধানত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে

আটাইকেইজন ছাত্ৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল।

Leave a Comment