অসমঅসমীয়া

ব্যতিক্ৰম! বৰষুণৰ মাজতে চাইকেল লৈ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন এইগৰাকী উপায়ুক্তৰ…

নিউজ ডেস্ক। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰতিবন্ধকতা আতৰাই ক্ষিপ্ৰ ৰূপায়নৰ বাবে ললে ব্যৱস্থা।

কাহিলী পুৱাতে বৰষুণৰ অগা-দেৱাৰ মাজতে আজিও বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কেবাখনো আঁচনি পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়।

p5 7

চাইকেল লৈ হিতাধিকাৰীৰ কাষত উপায়ুক্ত

উপায়ুক্ত গৰাকীয়ে আজি পুৱা ছয় বজাৰ পূৰ্বেই চাইকেল চলাই গৈ বৰপেটা চহৰৰ বুদৰুটুপত উপস্থিত হৈ ইয়াত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিয়মান আৱাস-গৃহ কেইটামান পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এইবোৰত উদ্ভৱ হোৱা সমস্যাৰ তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰে।

বিশেষকৈ প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত অৰ্দ্ধ নিৰ্মিত অৱস্থাত থকা কেবাটাও ঘৰৰ জিও টেগিং নোহোৱাৰ বাবে আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন পোৱাত যথেষ্ট বিলম্ব হৈছিল।

p4 9

উপায়ুক্ত তেজ প্ৰসাদ ভূচাল

উপায়ুক্ত গৰাকীৰ তৎপৰতাত সেইবোৰৰ থিতাতে জিও টেগিঙৰ ব্যৱস্থা কৰা হয়। উপায়ুক্ত ভূচালৰ নিৰ্দেশ ক্ৰমে বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধৰিত্ৰী আম্ফীৰ উপৰি কনিষ্ঠ অভিযন্ত্ৰা আৰু জিও টেগাৰ সকলেও এই পৰিদৰ্শন কাৰ্যত তেওঁক সঙ্গ দিয়ে আৰু আসোৱাহ সমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা হাতত লয়।

আন এটা স্থানত হিতাধিকাৰীক তেওঁৰ পৰিচয় সূচক নম্বৰ প্ৰদানৰ বাবেও তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, ভূচালে সকলোকে কাম-কাজ সমূহ যথাসম্ভৱ ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

p6 8

ইফালে বুদৰুটুপৰ নৱনিৰ্মিত গড়কাপ্তানী পথৰ এচোৱা বৰষুণৰ পানীয়ে খহাই পেলোৱা প্ৰত্যক্ষ কৰি ইয়াৰ অতি শীঘ্ৰে মেৰামতিৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়াক টেলিফোন যোগে নিৰ্দেশ দিয়ে।

এনেদৰে উপায়ুক্ত গৰাকীয়ে আনদিনাৰ দৰে আজিও তেওঁৰ প্ৰাত: ভ্ৰমণৰ সময়তে কেবাখনো চৰকাৰী আঁচনিৰ কাম-কাজৰ চৰজমিন পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াৰ দ্ৰুত ৰূপায়নৰ বাবে কাৰ্যকৰী ব্যৱস্থা কৰাত হিতাধিকাৰী তথা স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *