অসম

দুঃখবৰ! জনপ্ৰিয় অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাৰ দেহাৱসান…

নিউজ ডেস্ক। অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনৰ বাবে এক দুখবৰ।

জনপ্ৰিয় অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱা ওৰফে ‘জীতুদা’ৰ দেহাৱসান।

বৃহস্পতিবাৰে ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে বলিষ্ঠ অভিনেতাগৰাকীয়ে।

জানিব পৰা অনুসৰি দীৰ্ঘদিন ধৰি লিভাৰৰ সমস্যাত ভুগি আছিল অভিনেতাজন।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত নিজা বাসগৃহত মৃত্যু হয় জনপ্ৰিয় আৰ জে মেঘাৰ স্বামী বৰুৱাৰ।

image 36

উল্লেখ্য যে, জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাই জনপ্ৰিয় অসমীয়া ছবি ‘মন যায়’ৰ লগতে আন কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।

ইয়াৰ উপৰি তেওঁ জুবিন গাৰ্গ, নৱদীপ বৰগোঁহাইৰ সৈতে জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘অনুৰাধা’তো অভিনয় কৰিছিল।

‘মি এণ্ড মাই ছিষ্টাৰ’ৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।

অতি প্ৰতিভাৱান অভিনেতাগৰাকীৰ মৃত্যুত অসমীয়া ছবি জগতত এতিয়া শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ

G5 12

Leave a Reply

Your email address will not be published. Required fields are marked *