অসম

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য, হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ…

পুনৰ হাজোত সংঘটিত হৈছে এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা।

হাজোৰ ৰামদিয়াৰ সস্তাৰঘাটৰ নাজমিন নেহা নামৰ বোৱাৰী এগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নাজমিনৰ পৰিয়ালৰ সন্দেহ, নাজমিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী দাদুল আলী আৰু পৰিয়ালৰ লোকে।

নাজমিনৰ স্বামীৰ পৰিয়ালে মানসিক নিৰ্যাতন চলোৱাই নহয়, বিগত কিছুদিনৰ পৰা যৌতুক দাবী কৰাৰ লগতে হত্যাৰো ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নাজমিনৰ মাতৃগৃহৰ লোকে।

শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এই ঘটনাৰ পিছতে নাজমিন নেহাৰৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

উল্লেখ্য যে, সাত বছৰ পূৰ্বে হাজোৰ ৰামদিয়া সস্তাৰঘাটৰ দাদুল আলী শনিয়াদী বেলগুৰিৰ নাজমিন নেহাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

ইতিমধ্যে হাজো আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে নাজমিনৰ স্বামী দাদুল আলীক সোধা-পোছাৰ বাবে আটক কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *