অসম

চাঞ্চল্যকৰ আণ্টিমা হত্যাকাণ্ডৰ আঁৰত পৰকীয়া প্ৰেম, বিস্ফোৰক স্বীকাৰোক্তি ঘাতক দেৱযানীৰ…

ৰাজ্য কপোৱা অন্টিমা গুপ্তাৰ হত্যাৰ ভয়ংকৰ ৰহস্য ফাদিল।

পৰকীয়া প্ৰেমৰ বাবেই ঘাতক দেৱযানীয়ে নিৰ্মম ভাৱে হত্যা কৰিছিল আণ্টিমা গুপ্তাক।

 মহানগৰীৰ পশ্চিম বৰাগাঁৱত ক্ষত-বিক্ষত অৱস্থাত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হোৱা দুৰ্ভগীয়া মহিলা আণ্টিমা গুপ্তাৰ মৃত্যুৰ ৰহস্যৰ অন্ত পেলায় আৰক্ষীয়ে।  

চাঞ্চল্যকৰ হত্যাৰ তদন্তত নামি পৰা আৰক্ষীয়ে পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো হোৱা বুলি নিশ্চিত কৰে।

আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে আণ্টিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাৰ ঘৰত ভাড়াতীয়া ৰূপে থকা দেবযানী দাসৰে আছিল সন্তোষৰ পৰকীয়া প্ৰেম। এই প্ৰেমৰ বাবেই দুই মহিলাৰ মাজত লাগিছিল কাজিয়া৷

আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দি দেবযানীয়ে খুন্দনাৰে আণ্টিমাৰ মূৰত প্ৰহাৰ কৰি হত্যা কৰে বুলি মন্তব্য কৰে।

তাৰ পাছত মৃতদেহ লুকুৱাই ৰাখে ঘাতক দেৱযানী দাসে৷

ইপিনে পৰিকল্পিতভাৱে আণ্টিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি বুধবাৰে গড়চুক আৰক্ষীক জনোৱাৰ এদিন পিছতে দেৱযানী দাস নামৰ মহিলাই স্বামীৰ সৈতে উপস্থিত হয় গড়চুক আৰক্ষী থানাত।

দুয়োৱে তেওঁলোকৰ পাকঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰখা বুলি জনায়। আৰক্ষীয়ে তদন্তৰ বাবে দুয়োকে আটক কৰে।

অৱশেষত আৰক্ষীৰ তদন্তত ফাদিল হয় ঘটনাৰ সমগ্ৰ ৰহস্য।

Leave a Reply

Your email address will not be published. Required fields are marked *