নিউজ ডেস্কঃ শিলচৰ নগৰ আৰু আৱাসিক এলেকাত জলপ্ৰলয়ৰ সৃষ্টি কৰি মাত্ৰ বেথুকান্দি মথাউৰি কটাৰ অভিযোগত পুনৰ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যাৰ ফলত বেথুকান্দি মথাউৰিৰ ক্ষতিসাধনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা এতিয়া ৪ জনলৈ বৃদ্ধি পাইছে।
জলসিঞ্চন বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে তদন্ত এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বৰাক ভ্ৰমণৰ সময়ত বেথুকান্দি মথাউৰি কাটি শিলচৰত জলপ্ৰলয় নমাই অনা দুস্কৃতিকাৰীক ৰেহাই দিয়া নহয় বুলি সকিয়াই দিছিল।

তাৰ পিছতে শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই কাবুল খান নামৰ এজন অভিযুক্তক তথ্যগত প্ৰমাণৰ ভিত্তিত আটক কৰে। অভিযুক্তক চলোৱা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে।
ইফালে শনিবাৰে জেৰা আৰু পৰৱৰ্তী তদন্তৰ ভিত্তিত আৰক্ষীয়ে মিথু হুছেইন লস্কৰ নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিভাগৰ সূত্ৰই জনোৱা মতে, আৰক্ষীৰ হাতত থকা কেইটামান ভিডিঅ’ৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে দেওবাৰে পুৱা আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, বেথুকান্দি মথাউৰিৰ ক্ষতিসাধন কৰাৰ অভিযোগত আন দুজনকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰ পিছতে এই গোচৰত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পায়। দেওবাৰে আৰক্ষীয়ে নাজিৰ হুছেইন লস্কৰ আৰু ৰিপন খান নামৰ দুজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে এই গোচৰত প্ৰথম গ্ৰেপ্তাৰ হোৱা কাবুল খানৰ পৰিয়ালৰ লোকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। তেওঁলোকে জনোৱা মতে, কাবুল খান তালৈ মাছ ধৰিবলৈ গৈছিল আৰু কটা মথাউৰিটোৰে পানী বৈ থকা দেখি তেওঁ এটা ভিডিঅ’ বনাইছিল। সেই ভিডিঅ’ৰ ভিত্তিতে পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল কাবুল খানক।
প্ৰণিধানযোগ্য যে, বেথুকান্দি হৈছে বৰাক নদী নিয়ন্ত্ৰণ কৰা অন্যতম গুৰুত্বপূৰ্ণ মথাউৰি। মে’ মাহত সেই মথাউৰিটোৰ এটা অংশ কাটি একাংশ স্থানীয় লোকে নিজৰ ঘৰত জমা হোৱা বৰষুণৰ পানী বৰাক নৈত পৰিবলৈ বাট কাটি দিছিল। কিন্তু জুন মাহত বৰাকৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে সেই কটা মথাউৰিৰ অংশৰে পানী বাগৰি সমগ্ৰ শিলচৰ প্লাৱিত কৰি তোলে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে, শিলচৰৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ বানপানীৰ সৃষ্টি কৰা ক্ষতিৰ দোষী উন্মোচনৰ বাবে এক পুংখানুপুংখ তদন্ত আৰম্ভ হয়।









