অসম

বেংগালুৰুত নিৰ্মাণ হ’বলগীয়া অসম ভৱনৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

বেংগালুৰুত নিৰ্মাণ হ’বলগীয়া অসম ভৱনৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পৰিদৰ্শনৰ সময়ত মুখ্যমমন্ত্ৰী শৰ্মাই বিষয়াবৰ্গৰ সৈতে প্ৰকল্পৰ বিস্তৃত আলোচনা কৰে।

লগতে বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষৰ সৈতে যাৱতীয় অনুমতিৰ বাবে যোগাযোগ চলাবলৈ নিৰ্দেশ দিয়ে যাতে নিৰ্মাণ কাৰ্য সোনকালে আৰম্ভ কৰিব পৰা যায়।

পৰিদৰ্শনৰ সময়ত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী উপস্থিত থাকে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে নতুন দিল্লীৰ দ্বাৰকা, কলকাতাৰ ৰাছেল ষ্ট্ৰীট আৰু চণ্ডিগড়, পুডুচেৰী তথা হায়দৰাবাদকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ মহানগৰীত অসম ভৱন নিৰ্মাণৰ পদক্ষেপ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *