অসমঅসমীয়া

বৃহৎ পৰিামণৰ গাঞ্জাসহ নৈশবাছৰ পৰা গ্ৰেপ্তাৰ ৪ মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক। কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণ গাঞ্জাসহ ৪ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

চুৰাইবাৰী আৰক্ষী চকীৰ বিষয়া নিৰঞ্জন দাসে জানিবলৈ দিয়া মতে, শনিবাৰে ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী এএছ ১১ এইচচি ৯০৩৪ নম্বৰৰ এখন নৈশ বাছত চলোৱা নিয়মীয়া তালাচীৰ সময়ত ৩২ কেজি ৩০০ গ্ৰাম ওজনৰ মুঠ ২৩ টা গাঞ্জাভৰ্তি বেগ উদ্ধাৰ হয়।

G4 4

জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৩.২০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, গাঞ্জাখিনি উদ্ধাৰৰ পিছত যাত্ৰীসকলক সোধা পোছা কৰাৰ অন্তত ৪ গৰাকী মহিলা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে।

ধৃত মহিলা সৰবৰাহকাৰী কেইগৰাকীক ক্ৰমে পাটনাৰ পায়েল সিং (৫২), ত্ৰিপুৰাৰ নমিতা দেৱবাৰ্মা (৩১), ৰ’জিনা দেৱবাৰ্মা (১৮) আৰু মংগলাক্ষী দেৱবাৰ্মা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

G5 5

ইফালে ধৃত আটাইকেইগৰাকী সৰবৰাহকাৰীক পৰৱৰ্তী সময়ত কৰিমগঞ্জ আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্ত মহিলা কেইগৰাকীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

আজিৰে পৰা ময়েই তোমাৰ মা, মোক মা বুলি মাতিবাঃ মাজুলীত মাতৃক বিচাৰি পাৰে লুৰিণজ্যোতি গগৈয়ে

G7 5

Leave a Reply

Your email address will not be published. Required fields are marked *