অসমঅসমীয়া

আজিৰে পৰা ময়েই তোমাৰ মা, মোক মা বুলি মাতিবাঃ মাজুলীত মাতৃক বিচাৰি পাৰে লুৰিণজ্যোতি গগৈয়ে

নিউজ ডেস্ক। মাজুলীত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাতৃক বিচাৰি পালে অসম জাতীয় দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এই আবেগিক মূহুৰ্তই এতিয়া প্ৰাণ চুই গৈছে সকলোৰে।

লুৰিণজ্যোতি গগৈয়ে লাভ কৰা দ্বিতীয় মাতৃগৰাকীৰ নাম হৈছে ছুনু দাস। মাজুলীৰ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আলিমূৰৰ নিৱাসী ছুনু দাসৰ ঘৰত দেওবাৰে উপস্থিত হয় লুৰিণজ্যোতি গগৈ।

সেই সময়ত ছুনু দাসে লুৰিণক যঁচা মাতৃৰ প্ৰেমত আবেগিক হৈ পৰে অজাপৰ সভাপতিগৰাকী।

G7 5

দৰাচলতে ৫ মাৰ্চত ছুনু দাস নামৰ মহিলাগৰাকীয়ে লুৰিণজ্যোতি গগৈৰ ফটো সম্বলিত পোষ্টাৰ লগাই থকাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল। তাৰ পিছতে লুৰিণে দেওবাৰে উপস্থিত হয় মহিলাগৰাকীৰ ঘৰত। চোতালত লুৰিণ উপস্থিত হোৱাৰ পিছত আনন্দ আৰু আবেগত আত্মহাৰা হৈ পৰে ছুনু দাস।

অজাপৰ সভাপতিগৰাকীক তেওঁৰ বুকুৰ মাজত আঁকোৱালি লৈ কয়, ‘তোমাৰ মা নাই, আজিৰে পৰা ময়েই তোমাৰ মা। মোক মা বুলি মাতিবা।’

মাজুলীত এইদৰে দ্বিতীয় মাতৃক বিচাৰি পাই চকু চলচলিয়া হৈ পৰে লুৰিণজ্যোতি গগৈৰো। মৰমৰ চিন স্বৰূপে লুৰিণজ্যোতি গগৈক এডাল কুচিয়া উপহাৰ দিয়ে তেওঁৰ ‘দ্বিতীয় মাতৃ’য়ে।

ইফালে লুৰিণৰ ভাল হোৱাৰ কামনাৰে ছুনু দাসে মন্দিৰত পূজা আগবঢ়াই থোৱা বুলিও প্ৰকাশ কৰে। সেই সময়তে মহিলাগৰাকীৰ স্বামীয়ে গগৈক উদ্দেশ্যি কয়, ‘মই আপোনাক ইমান ভাল পাও যে, আপুনি ভাওনালৈ অহাৰ সময়ত মই আপোনাৰ ওচৰলৈ যাব নোৱাৰি আপোনাৰ গাড়ীখনকে চুই চাইছিলো।’

উল্লেখ্য যে, প্ৰায় এটা বছৰ পূৰ্বে মাতৃহাৰা হৈছিল অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী। কিন্তু এটা বছৰ পিছত তেওঁ যেন মাজুলীৰ বুকুত বিচাৰি পায় আন এগৰাকী মাতৃৰ চেনেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *