অসম

বৃহৎ পৰিমাণৰ জব্দকৃত বার্মিজ চুপাৰি দাহ প্ৰশাসনৰ…

বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ চৌহদত জ্বলাই দিয়া হ’ল বৃহৎ পৰিমাণৰ জব্দকৃত বার্মিজ চুপাৰি।

বঙাইগাঁও আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মাণিকপুৰ ৰাজহচক্ৰ বিষয়াৰ উপস্থিতিত জ্বলাই দিলে এই চুপাৰিখিনি।

image 42

জ্বলাই দিয়া ৬,৮৬৪ কিলোগ্ৰাম চুপাৰিৰ বজাৰ মূল্য আছিল প্রায় ২৫ লাখ টকা।

২০২১ চনৰ ২৫১ নম্বৰৰ গোচৰৰ ভিত্তিত আদালতৰ অনুমতিত মাণিকপুৰ থানা চৌহদত জ্বলাই দিয়া হয় চুপাৰিখিনি।

image 44

এই চুপাৰিখিনি জ্বলাই দিয়াৰ সময়ত উপস্থিত থাকে আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু মাণিকপুৰ ৰাজহচক্ৰৰ চক্ৰ বিষয়া।

image 43

চুপাৰিখিনি নানা ধৰণৰ পৰীক্ষাৰ অন্তত মানৱ দেহৰ বাবে সম্পূৰ্ণ ক্ষতিকাৰক হোৱাৰ বাবে প্ৰশাসনে জ্বলাই দিয়া বুলি উপ-আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *