অসম

আৰক্ষীৰ বৃহৎ সফলতা! আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা।

ডবকা আৰক্ষীৰ অভিযানত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা ছাবিনা ইয়াছমিন।

বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিতে অভিযান চলই গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ এটি ব্যক্তিগত ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক৷

মহিলা গৰাকীয়ে প্ৰৱঞ্চনাৰে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা, যুৱতীক বহিঃৰাজ্যৰ লগতে অন্য দেশতো বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ৷

ভুৱ নথি পত্ৰৰে বিভিন্ন জনৰ নামত আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ প্ৰস্তুত কৰি দিয়ৰো অভিযোগ আছে মহিলা গৰাকীৰ বিৰুদ্ধে৷

image 41

যোৱা মাৰ্চ মাহৰ ১ তাৰিখে ডবকা আৰক্ষীয়ে মহিলা গৰাকীৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল ২৫ খনকৈ আন্তঃৰষ্ট্ৰীয় পাৰপত্ৰ৷

ইমান দিনে মহিলা গৰাকীয়ে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল৷

ইয়াছমিনৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ কেইটা হৈছে- 72/22 হোজাই থানা, হোজাই থানাৰে আন এক গোচৰ গোচৰ নং 97/22, ডবকা থানাৰ গোচৰ নং72/22 আৰু হোজাই থানাৰে আন এক গোচৰ নং 189/22.

Leave a Reply

Your email address will not be published. Required fields are marked *