নিউজ ডেস্কঃ নেতা-মন্ত্ৰী অথবা বিধায়ক বুলি ক’লে সাধাৰণতেই মনলৈ আহে টকাৰ খেলৰ কথা। ধন-সম্পত্তি অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটোৱেই প্ৰথম প্ৰত্যাহ্বান হৈ পৰে সাধাৰণ লোকৰ বাবে।
কিন্তু বিহাৰত এনে এগৰাকী বিধায়কো আছে, যিয়ে উৰুখা পঁজাৰ তলতেই বিগত সময় পাৰ কৰিছিল।
কিন্তু বিগত বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। তাৰ পিছতে তেওঁক অনুমোদন জনোৱা হয় বিধায়ক আৱাসৰ গৃহ।
সাধাৰণ জীৱন যাপন কৰি অহা বিধায়কজনে নতুন গৃহৰ চাবি লাভ কৰাৰ পিছতে আবেগত উচুপি উঠা দেখা গ’ল। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ আবেগিক মুহূৰ্ত।

এইগৰাকী বিধায়ক হৈছে বিহাৰৰ আটাইতকৈ দুখীয়া বিধায়ক হিচাপে পৰিচিত ৰামবৃক্ষ সদা।
খাগাড়িয়াৰ আলাউলীৰ বিধায়ক ৰামবৃক্ষ সদাই চৰকাৰী বাসগৃহৰ চাবি লাভ কৰাৰ পিছতে আবেগিক হৈ পৰে। এনে এটা ঘৰ লাভ কৰাটো তেওঁৰ সপোনৰো বাহিৰত আছিল বুলি মন্তব্য কৰে।
তেওঁ কয় যে এয়া তেওঁৰ ৩০ বছৰীয়া সংগ্ৰামৰ ফল।

উল্লেখ্য যে, বিহাৰৰ মুছাহাৰ জাতিৰ ৰামবৃক্ষ সদাক বিগত বিধানসভা নিৰ্বাচনত টিকট প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় জনতা দলে। নিৰ্বাচনত তেওঁ জয়লাভো কৰে।
শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধায়ক আৱাস যোজনাৰ অধীনত ৰাজ্যৰ সকলো বিধায়কক নতুন গৃহৰ চাবি অৰ্পণ কৰে। এই সময়তে কেমেৰাৰ সন্মুখত আবেগিক হৈ পৰে বিধায়ক ৰামবৃক্ষ সদা।
নতুন গৃহৰ চাবি লাভ কৰাৰ পিছত বিধায়ক ৰামবৃক্ষ সদাই কয়, ‘মই বিহাৰৰ আটাইতকৈ দৰিদ্ৰ বিধায়ক। দুখীয়াই যদি কিবা এটা পায় তেন্তে তাৰ বাবে সেয়া দীপাৱলীৰ দৰে। এনে ঘৰ আমি সপোনতো দেখা নাছিলোঁ। ৩০ বছৰৰ সংগ্ৰামৰ পিছত আজি এই স্থানত উপনীত হৈছো। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মোৰ হাতত তুলি দিছে নতুন বাসগৃহৰ চাবি। এই বাসস্থান মোৰ নহয় আলাউলীবাসীৰ বাসস্থান।’
इस वीडियो में RJD विधायक रामवृक्ष सदा जी हैं, बिहार के सबसे गरीब विधायक हैं। नए सरकारी घर की चाबी मिलते ही रोने लगे।
— Ashwini Yadav अश्विनी यादव اشونی یادو (@iamAshwiniyadav) October 27, 2022
लालू जी ने इतने ग़रीब को भी टिकट देकर जितवाया है ये एक बड़ी मिसाल है इस देश में।
सच में बेहद भावुक क्षण है ये..https://t.co/QJVD1VP2Ddpic.twitter.com/DZgn92ITON
তেওঁলোকে কয়, ‘যোৱা ৩০ বছৰে ঘৰত লালু প্ৰসাদৰ ছবি মোৰ সমগ্ৰ পৰিয়ালে পূজা কৰে। তেওঁ মোৰ বাবে দেৱতাৰ দৰে। আমি মুছাহাৰ মানুহে মাতা ছাবৰীক পূজা কৰোঁ। মোৰ বংশদেৱী মাতৃ কামা। কিন্তু মোৰ পৰিয়ালে এই সকলোবোৰৰ লগতে লালু প্ৰসাদকো পূজা কৰে।’
উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগক দাখিল কৰা সম্পত্তিৰ তথ্যত ৰামবৃক্ষ সদাই তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৭০ হাজাৰ টকা বুলি উল্লেখ কৰিছিল।









