অসম

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল ‘শিৱ প’লিমাৰ ইণ্ডাষ্ট্ৰী’, প্ৰায় ৮০ কোটি টকাৰ সম্পত্তি ক্ষতিসাধন…

এক ভয়ংকৰ অগ্নিকাণ্ড।

জুইত জাহ গ’ল ‘শিৱ প’লিমাৰ ইণ্ডাষ্ট্ৰী’ নামৰ কাৰখানাটো।

যোৰাবাটৰ নিকটৱৰ্তী ‍১৫ মাইলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

নিশা ৮.৩০ বজাত সংঘটিত হয় অগ্নিকাণ্ড।

নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ উদ্যোগটো।

ক’ৰ পৰা কেনেদৰে এই জুইৰ সূত্ৰপাত হ’ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

ঘটনাস্থলিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮০ কোটি টকাৰ সম্পত্তি লোকচান হোৱাৰ সন্দেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *