অসম

বিয়াঘৰত লুডু খেলক কেন্দ্ৰ কৰি নিজ বন্ধুক হত্যা কৰা হত্যাকাৰী আফজত আলীক গ্ৰেপ্তাৰ

লখিমপুৰৰ মৈদমীয়াত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰী আফজত আলীক গ্ৰেপ্তাৰ।

দেওবাৰে নিশা লখিমপুৰৰ মৈদমীয়াত এখন বিবাহস্থলত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড।

লুডু খেলক কেন্দ্ৰ কৰিয়েই বন্ধুৱে হত্যা কৰিছিল বন্ধুক।

সামান্য বিবাদৰ পৰিণতিতে আফজতে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰিছিল ইচাদ আলী নামৰ এজন ২০ বছৰীয়া যুৱকক।

এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত আফজত আলীক।

অৱশেষত নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে জিলাখনৰ নাওবৈচাৰ ম’হঘূলীত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে আফজত আলি নামৰ হত্যাকাৰীজনক।

হত্যাকাৰী আফজত গ্ৰেপ্তাৰ কৰাৰ পিছতে কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *