অসমঅসমীয়া

অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত! এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক। ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ কেবাখনো জিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰি থকাৰ সময়তে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃষ্টিপাত অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সংবাদ মাধ্যমক জনােৱা অনুসৰি, অহা ২১ মেলৈ অসমকে ধৰি উত্তৰ-পূবত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব।

মূলতঃ দক্ষিণ আৰু দক্ষিণ-পশ্চিম বতাহৰ নিম্নচাপৰ ফলত বংগোপসাগৰত সৃষ্টি হোৱা জলীয়বাষ্পৰ প্ৰভাৱৰ বাবেই উত্তৰ-পূবত বৰষুণৰ পৰিমাণ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

WhatsApp Image 2022 05 17 at 5.37.18 PM

এই সময়ছোৱাৰ ভিতৰত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণীত আজিৰে পৰা ২১ মে পর্যন্ত প্রবল বৰষুণৰ লগতে বজ্রপাত, বতাহ-ঢেৰেকণি হোৱাৰো আগজাননী প্ৰদান কৰিছে।

এই সময়ছোৱাত ভূমিস্খলন, যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰটােৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *