অসমঅসমীয়া

“বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন?” মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন জুবিন গাৰ্গৰ

“বিহু ৰাইজে পাতে। তুমি ক’বলৈ কোন?” – ৰহাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীক এইবাৰ প্ৰশ্ন কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব’হাগৰ প্ৰথম ৭ দিনতেই বিহু পাতিবলৈ আহ্বান জনাইছিল।

G2 1

আনকি বিহুৰ চান্দা সংস্কৃতি বন্ধ কৰাৰ স্বাৰ্থত প্ৰথম ৭ দিনৰ ভিতৰত বিহু অনুষ্ঠিত কৰা ১০ বছৰ পুৰণি বিহু কমিটিক চৰকাৰৰ তৰফৰ পৰা ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰো ঘোষনা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।

অসমীয়াৰ বাপতিসাহোন বিহুটিক এনেদৰে মুখ্যমন্ত্ৰীয়ে ৭ দিনৰ ভিতৰত সীমাবদ্ধ কৰিবলৈ চেষ্টা কৰা কাৰ্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

তেনে পৰিপ্ৰেক্ষিততেই যেন পলমকৈ হলেও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গেও।

ৰহাত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জুবিন গাৰ্গে।

তেওঁ কয়, “বিহু ৰাইজে পাতে। এমাহ পাতে, দুমাহ পাতে সেয়া ৰাইজৰ কথা। তুমি ক’বলৈ কোন? হু দ্য হেল ইউ আৰ?”

জুবিনে পুনৰ কয়, “মন্ত্ৰী-বিধায়কৰ কাম হৈছে উন্নয়ন কৰা। সাংস্কৃতিক ক্ষেত্ৰখন চাবলৈ মই আছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *