অসম

বিহু সন্মিলনৰ কাৰ্যসূচীত হনুমান জয়ন্তী শােভাযাত্ৰা আয়োজন প্ৰসংগক লৈ প্ৰতিক্ৰিয়া আলফা(স্বাধীন)ৰ

প্ৰসংগঃ বিহুৰ কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা বিতৰ্ক।

ডিব্ৰুগড়ত বিহুৰ কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰ্ভুক্ত কৰিছিল মাৰৱাড়ী যুৱ মঞ্চই।

লুইতপৰীয়া বিহু সন্মিলনী নামেৰে মাৰৱাড়ী যুৱ মঞ্চই আয়োজন কৰিছিল অনুষ্ঠানৰ।

p 1

বিহুত এনেধৰণৰ কাৰ্যসূচী ৰখা কাৰ্যক বিৰোধীতা কৰিছিল বিভিন্ন দল সংগঠনে।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে।

আলফা স্বাধীনে বিহুক ধৰ্মীয় কৰণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে লুইতপৰীয়া বিহু সন্মিলনৰ বেনাৰ পোষ্টাৰ সুধৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ডিব্ৰুগড়ৰ মাৰৱাড়ী যুৱ মঞ্চৰ এগৰাকী কৰ্মীক টেলিফোন যোগে এই নিৰ্দেশ প্ৰদান কৰিছে আলফা স্বাধীনে।

উল্লেখ্য যে, ইতিমধ্যে সংগঠনটোৱে এই সন্দৰ্ভত ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছে।

লগতে চাওকঃ

দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

G4 12

Leave a Reply

Your email address will not be published. Required fields are marked *