অসমঅসমীয়াৰাষ্ট্ৰীয়

বিহুৰ মাজতে সুখবৰ! নীলমণি ফুকনৰ বাবে গুৱাহাটীতে জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান

নিউজ ডেস্ক। ব’হাগৰ উচাহিত ক্ষণতে ৰাজ্যবাসীলৈ আন এক ভাল খবৰ। বিহুৰ দুদিন পূৰ্বে অৰ্থাৎ ১১ এপ্ৰিলত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হ’ব স্বনামধন্য কবি নীলমণি ফুকনক।

উল্লেখ্য যে, এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব গুৱাহাটীত।

G1 1

ইয়াৰ পূৰ্বে অসমৰ আন দুগৰাকী জ্ঞানপীঠ বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীয়ে নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰিছিল যদিও কবি নীলমণি ফুকনৰ বাৰ্ধক্যজনিত অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱণত এই বঁটা প্ৰদান অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্য বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাটো অনুষ্ঠিত কৰিবলৈ উঠিপৰি লাগিছে ৰাজ্য চৰকাৰ।

1 1

উল্লেখ্য যে, জ্ঞানপীঠ বঁটা প্ৰদানৰ এই অনুষ্ঠানতে কবি নীলমণি ফুকনৰ জীৱনভিত্তিক এখনি গ্ৰন্থ উন্মোচনৰো যো-জা চলাইছে ৰাজ্য চৰকাৰে।

জানিব পৰা মতে, বঁটা প্ৰদান অনুষ্ঠানত কবি নীলমণি ফুকনৰ হৈ ১৫ মিনিটৰ ভাষণ প্ৰদান কৰিব তেওঁৰ সুযোগ্য পুত্ৰ অমিতাভ ফুকনে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ সম্ভাৱনা আছে। তদুপৰি ৰাজ্যৰ কেইবাগৰাকীও কবি-সাহিত্যিক, বুদ্ধিজীৱীৰ লগতে বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে কবিগৰাকীক প্ৰদান কৰিবলগা এই সন্মানৰ বিষয়ে চৰকাৰে কেইবাদিনো পূৰ্বৰে পৰাই বিজ্ঞাপন প্ৰচাৰ কৰিব বুলিও জানিব পৰা গৈছে।

ৰাজ্যৰ ঠায়ে ঠায়ে কবি গৰাকীৰ কালজয়ী কবিতাৰ শাৰী আৰু নীলমণি ফুকনৰ চিত্ৰ অংকন কৰি হৰ্ডিং অঁৰাৰো ব্যৱস্থা কৰিব চৰকাৰে। ১১ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হব বঁটা প্ৰদান অনুষ্ঠান।

উল্লেখ্য যে, যোৱা ১১ ডিচেম্বৰত দেশৰ সাহিত্য জগতৰ সৰ্বোচ্ছ আৰু সবাতোকৈ পুৰণি সন্মান জ্ঞানপীঠ বঁটা কবি নীলমণি ফুকনক প্ৰদান কৰাৰ ঘোষণা কৰা হৈছিল।

এই খবৰে সমগ্ৰ অসমবাসীকে গৌৰৱাম্বিত কৰিছে। কবি নীলমণি ফুকনৰ পূৰ্বে অসমৰ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামনি ৰয়চম গোস্বামীয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *