অসম

বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ দাম, আজি কিমান বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম জানেনে?

প্ৰতিদিনে অনাকাংক্ষিত ভাৱে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই যোৱা ১৩ দিনত ১২ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি অৰ্থাৎ দেওবাৰেও পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৮ পইচা আৰু ডিজেলৰ মূল্য ৮৫ পইচা বৃদ্ধি কৰা পাইছে।

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.৪৪ পইচা।

আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৮৯.২৮ টকা।

বিগত ২২ মাৰ্চৰ পিছৰ পৰা ১২ বাৰকৈ বৃদ্ধি হোৱা ইন্ধনৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৮ টকা বৃদ্ধি পাইছে।

ধাৰাবাহিকভাৱে ইন্ধনৰ মূল্য বৃদ্ধি পাই থকাত ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন ঠাইত পেট্ৰ’লৰ মূল্য ১০০ টকাৰ সীমা অতিক্ৰম কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *