অসম

বিহুত ব্যৱহাৰ কৰিব নোৱাৰিব পাৱাৰ লুমৰ গামোচা, বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা…

প্ৰতিশ্ৰুতি অনুসৰি সোমবাৰে ৰাজ্যৰ ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে। 

৭ বিহুৰ ভিতৰত অনুষ্ঠিত হোৱা ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু উদযাপন সন্মিলনীসমূহক ডেৰ লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে।

সোমবাৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰে বিহু সমতিসমূহক।

চেক প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, বিহুত পাৱাৰ লুমৰ গামোছা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে বিহুৰ সমিতিসমূহে অতিথি আপ্যায়নত লাড়ু-পিঠা ব্যৱহাৰ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

বিহু পতাৰ এমাহ আগৰ পৰা এটা হুচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

আনহাতে মন্ত্ৰী বিমল বড়াই সাত বিহুৰ ভিতৰতে বিহু উদ্‌যাপন কৰিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখ্য যে আজিৰ অনুষ্ঠআনত গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী, চান্দমাৰী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, বাইহাটাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী, ভূৰাপাৰা ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে চেক।

Leave a Reply

Your email address will not be published. Required fields are marked *