বিষয়াৰ ককৰ্থনাঃ অসম সচিবালয়ৰ কৰ্মচাৰী বিবেক দাসে বাচি ল’লে জীৱনৰ চৰম পন্থা, উদ্ধাৰ ছুইচাইড নোট…

অসম সচিবালয়ৰ কৰ্মচাৰীৰ আত্মহত্যা।

কৰ্মচাৰী বিবেক দাসৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

হাউছিং কলনীত আত্মহত্যা কৰে দাসে।

মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছে এখন ছুইচাইড নোট।

বিষয়াৰ ককৰ্থনাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ নোটখনত।

বিবেক দাস অসম সচিবালয়ত সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহকাৰী বিষয়া হিচাপে কৰ্মৰত আছিল।

মৃত্যুৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত মহানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে।

মৃত্যুৰ পূৰ্বে তেওঁ লিখিছে- ‘মই কামচোৰ নহয়। বেছিকৈ কাম কৰি মোৰ ভুল হোৱা বুলি ভাব হৈছে। যোৱা কিছুদিন ধৰি কিবা বিবেকদংকন হৈ আছে। occupants contractor সকলোকে হেল্প কৰি গৈছিলো যোৱা চাৰি বছৰে। এফএ যোৱা বছৰ কিবা ভুল কৰি এতিয়া যেন সব মইহে জবাবদিহি হ’ব লগা পৰিছে। মই চম্ভালিব নোৱাৰিলো। নিজৰ মান-সন্মানৰ কাৰণে সকলোকে ছাৰ্ভিচ দিব চেষ্টা কৰাতো মোৰ দোষ হ’ব নোৱাৰে। দোষ যদি সকলোবোৰৰ এটা বিচাৰ হ’ব লাগিব।’

‘শেষত মোৰ কণমানি ছোৱালীজনীৰ কাৰণে অজস্ৰ মৰম আৰু মা আৰু নৱনীতাক Sorry কলো। মোৰ বিশ্বাস মোৰ নামত অফিচিয়েল কামত আজিলৈকে যিমান আহিছে সকলোৱে মোৰ ৰেছপণ্ড এণ্ড বিহেভিয়াৰ …’

dfcef569 2753 4c50 8bdb 69c553e4905c 1

‘মোৰ কাৰণে অথৰিটী এমবেলেন্সমেন্ট হোৱাটো মই নিবিচাৰো- মই কিন্তু without mala fide intention কামখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিলো’ বুলিও উল্লেখ কৰা হৈছে ছুইচাইড নোটখনত।

কৰ্মচাৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচিবালয়ত।

লগতে পৰিয়ালৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত দাবী, অধিক তদন্ত হওক ঘটনা সন্দৰ্ভত।

Leave a Comment