বিষাক্ত কীটৰ দংশনত নাগালেণ্ডত মৃত্যু অসমৰ সেনা জোৱানৰ…

বিষাক্ত কীটৰ দংশনত নাগালেণ্ডত মৃত্যু অসমৰ সেনা জোৱানৰ।

অসম ৰাইফলছৰ জোৱান দৰঙৰ দিপীলা নিকটৱৰ্তী কেন্দুগুৰি গাঁৱৰ ৰূপাপ্রসাদ ডেকাৰ (৫৩) কর্মৰত অৱস্থাত নাগালেণ্ডত মৃত্যু হয়৷

নাগালেণ্ডৰ বার্মা বৰ্ডাৰত কর্তব্যৰত অৱস্থাতে যোৱা ১৯ আগষ্টত মৃত্যু হয় জোৱানজনৰ।

আজি তেওঁৰ নশ্বৰদেহ ঘৰলৈ লৈ অহাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷

আজি দিনৰ ২.৩০ বজাত নশ্বৰদেহ সেনাবাহিনীৰ তৰফৰ আনি পৰিয়ালক চমজাই দিয়ে পৰিয়ালৰ লোকক৷

সেনাবাহিনীৰ তৰফৰ পৰা সম্পূর্ণ সামৰিক মর্যাদাৰে শেষ বিদায় জনোৱাৰ পাছতেই যথা ৰীতিৰে মৃতদেহ সৎকাৰ কৰে গাঁওবাসীয়ে৷

১৯৮৬ চনত চাকৰিত যোগদান কৰা ডেকাই নিজৰ যোগ্যতাৰ বলত ‘ছুবেডাৰ’ পদত অধিষ্ঠিত হৈছিল৷

উল্লেখ্য যে নাগালেণ্ডৰ বার্মা ব’ডাৰত কর্তব্যৰত অৱস্থাতে যোৱা ৬ আগষ্টত বিষাক্ত মকৰা জাতীয় পোকে দংশন কৰিছিল জোৱানজনক৷

এই পোকে দংশন কৰাৰ পাছতেই শৰীৰত বিভিন্ন উপসর্গই দেখা দিয়ে৷

প্রথমতে টাইফয়েড, তাৰ পাছত ডায়েবেটিছ ৰোগত ভুগি শর্কৰাৰ পৰিমাণ শৰীৰত একেবাৰে নোহোৱা হৈ যোৱাত ১৯ আগষ্টত মৃত্যুক আঁকোৱালি লয়৷

চাকৰি সমাপ্তিৰ দিনটোলৈ মাজত ছবছৰ বাকী থকা ডেকাৰ মৃত্যুত বৃহত্তৰ দিপীলা আৰু কেন্দুগুৰি অঞ্চলত পৰিছে শোকৰ ছাঁ।

Leave a Comment