অসমীয়াআন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে গিনিজ বুকত নাম সন্নিৱিষ্ট হ’ল নেপালৰ ড’ৰ বাহাদুৰৰ

নিউজ ডেস্কঃ বিশ্বৰ আটাইতকৈ চাপৰ জীৱিত (পুৰুষ) কিশোৰ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰা হৈছে নেপালৰ ড’ৰ বাহাদুৰ খাপাংগীৰ।

image 112

২০০৪ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা ১৭ বছৰীয়া ড’ৰৰ উচ্চতা হৈছে ৭৩.৪৩ চেণ্টিমিটাৰ (২ ফুট ৪.৮ ইঞ্চি)।

২০২২ চনৰ ২৩ মাৰ্চত নেপালৰ কাঠমাণ্ডুত জোখ-মাখ কৰাৰ পিছতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰা হয় ড’ৰ বাহাদুৰ খাপাংগীৰ।

image 110

উল্লেখ্য যে, নেপালৰ ৰাজধানী চহৰৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ নিলগত অৱস্থিত সিন্ধুলী জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ড’ৰ বাহাদুৰে গাঁৱৰে চৰকাৰী বিদ্যালয়ত গ্ৰহণ কৰিছিল শিক্ষা।

image 111

তেওঁৰ জ্যেষ্ঠ ভাতৃ নাৰা বাহাদুৰ খাপাংগীয়ে জানিবলৈ দিয়া মতে, ড’ৰৰ জন্মৰ ৭ বছৰ বয়সলৈকে সকলো ঠিকেই আছিল যদিও পিছত ড’ৰৰ উচ্চতা বাঢ়িবলৈ এৰি দিয়ে।

যাৰ ফলত এতিয়া বিশ্বৰ ভিতৰতে আটাইতকৈ চাপৰ জীৱিত পুৰুষ হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ড’ৰ বাহাদুৰে।

image 114

প্ৰণিধানযোগ্য যে, ড’ৰ পূৰ্বে বিশ্বৰ আটাইতকৈও চাপৰ পুৰুষ জীৱিত ব্যক্তিজনো আছিল নেপালৰ।

১৯৯২ চনৰ অক্টোবৰত জন্মগ্ৰহণ কৰা খগেন্দ্ৰ থাপা মাগৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল। তেওঁৰ উচ্চতা হৈছে ৬৫.৫৮ চেণ্টিমিটাৰ (২ ফুট, ১.৮ ইঞ্চি)।

image 113

সামগ্ৰিকভাৱে বিশ্বৰ আটাইতকৈ কম বয়সীয়া চাপৰ জীৱিত মহিলা (ম’বাইল)গৰাকী হৈছে ভাৰতৰ জ্যোতি আমগে। জ্যোতিৰ উচ্চতা হৈছে মাত্ৰ ৬৩ চেণ্টিমিটাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *