বিশিষ্ট সাংবাদিক প্ৰদ্যুত মহন্তৰ বিয়োগ, ৰাজ্যজুৰি শোকৰ ছাঁ…

বোকাখাতৰ সংবাদজগতৰ বাবে অপূৰণীয় ক্ষতি।

জেষ্ঠ সাংবাদিক প্ৰদ্যুত মহন্তৰ ৪৬ বছৰ বয়সত দেহাৱসান।

দীৰ্ঘদিনে কৰ্কট ৰোগত ভুগি থকা মহন্তৰ নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত মৃত্যু হয়।

মৃত্যুৰ সময়ত পত্নী সহ দুই কনমানি কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় মহন্তই।

অসমৰ কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমত সংবাদসেৱা আগবঢ়াইছিল বিশিষ্ট সাংবাদিক গৰাকীয়ে।

ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছচিয়েছন (বোকাখাত)ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মহন্তই।

বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যৰ সংবাদ মহলত পেলাইছে শোকৰ ছাঁ।