গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছত ৰিজৰ্ট’ত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰ।
উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, বিধায়কৰ লগতে আমোলা উপস্থিত থাকে।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ আটাইকেইটা বিভাগে যোৱা ৫ বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায়।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ ফটোৱে সমাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা।
ৰিজৰ্ট’ৰ দুগৰাকী বিশেষ কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে উঠা ফটো ইতিমধ্যেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ৰিজৰ্টখনৰ দুগৰাকী চাপৰ অথচ কঠোৰ পৰিশ্ৰমী কৰ্মচাৰী পল্লৱ দাস আৰু ৰঞ্জিত টিছ’ৰ সৈতে সময় অতিবাহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনকি তেওঁলোক চাপৰ হোৱা বাবেই মুখ্যমন্ত্ৰীয়ে বহি লৈ ফটো উঠিলে কৰ্মচাৰী দুগৰাকীৰ লগতে।

টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই তেওঁলোকৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি কঠোৰ পৰিশ্ৰমী পল্লৱ দাস আৰু ৰঞ্জিত টিছ’ক প্ৰশংসা কৰিছে।
উল্লেখ্য যে, কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল পল্লৱ দাস আৰু ৰঞ্জিত টিছ’য়ে।









