বিশিষ্ট নাট্যকাৰ-পৰিচালক, নাট্যভূষণ অৰ্পণ বেজবৰুৱা আৰু নাই…

ৰাজ্যবাসীৰ বাবে এক দুখবৰ।

বিশিষ্ট নাট্যকাৰ-পৰিচালক, নাট্যভূষণ অৰ্পণ বেজবৰুৱাৰ দেহাৱসান।

বুধবাৰে ৰাতিপুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বেজবৰুৱাই।

উল্লেখ্য যে, গুৰুত্বৰভাৱে অসুস্থ হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল অপেছাদাৰী নাট্যক্ষেত্ৰৰ অগ্ৰণী কৰ্মী অৰ্পণ বেজবৰুৱা।

দুখৰ কথা যে, সৰ্বভাৰতীয় পৰ্যায়ত বহুবাৰ অসমৰ নাম উজ্বলাই তোলা এই নাট্যশিল্পী গৰাকীয়ে দুবাৰকৈ শিল্পী পেঞ্চন আবেদন কৰাৰ পিছটো আজিলৈকে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকিল অৰ্পণ বেজবৰুৱাই।