বিশিষ্ট উদ্যোগপতি ৰতন টাটাক ‘অসম বৈভৱ’ বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। অসম চৰকাৰে ঘােষণা কৰা ৰাজ্যৰ সৰ্বােচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বুধবাৰে সন্ধিয়া মুম্বাইত দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই উপলক্ষে মুম্বাইৰ হোটেল তাজত অনুষ্ঠিত এক কাৰ্যসূচীত বিশিষ্ট উদ্যোগপতিগৰাকীক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

G3 13
বিশিষ্ট উদ্যোগপতি ৰতন টাটাক 'অসম বৈভৱ' বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ 2

উল্লেখ্য যে, যোৱা ২৪ জানুৱাৰীত ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুঠ ১৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছিল।

অৱশ্যে এই বঁটাপ্ৰদান অনুষ্ঠানত ব্যক্তিগত কাৰণত উপস্থিত থাকিব পৰা নাছিল অসম বৈভৱ বঁটাৰ বাবে মনোনীত উদ্যোগপতি ৰতন টাটা আৰু অসম সৌৰভ বঁটাৰ বাবে মনোনীত দীপক চান্দ জৈন।

Leave a Comment