বিলাসী হোটেল কিম্বা প্ৰেছ ক্লাৱত নহয়! এইবাৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ আসনত বহি সংবাদমেল সম্বোধন এগৰাকী স্বাস্থ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ নেতা-মন্ত্ৰীৰ সংবাদমেল সম্বোধন কৰাটো কোনো নতুন কথা নহয়। কেতিয়াবা যদি পঞ্চতাৰকাযুক্ত হোটেলত, আন কেতিয়াবা দলীয় কাৰ্যালয়ত সম্বোধন কৰে এই সংবাদমেল।

কিন্তু চিকিৎসালয়ত সাধাৰণ ৰোগীৰ দৰেই চিকিৎসা কৰিবলৈ গৈ সংবাদ মেল সম্বোধন কৰিলে এখন ৰাজ্যৰ এগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে।

অসামৰিক চিকিৎসালয়ত দাঁতৰ চিকিৎসা কৰিবলৈ যোৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গাত এপ্ৰ’ন পিন্ধি ৰোগীৰ আসনত বহি বহিয়েই দি গ’ল সাংবাদিকৰ ইটোৰ পিছত সিটো প্ৰশ্নৰ উত্তৰ।

শেহতীয়াকৈ হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল বিজৰ এনে আজৱ সংবাদমেলখনে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

image 104
বিলাসী হোটেল কিম্বা প্ৰেছ ক্লাৱত নহয়! এইবাৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ আসনত বহি সংবাদমেল সম্বোধন এগৰাকী স্বাস্থ্যমন্ত্ৰীৰ… 2

দৰাচলতে সোমবাৰে হাৰিয়ানাৰ স্বাস্থ্য তথা গৃহমন্ত্ৰী অনিল বিজে আম্বালা চাউনীৰ অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসা বিভাগত দাঁতৰ চিকিৎসা কৰিবলৈ যায়।

দাঁত উভালিবৰ বাবে ৰোগীৰ আসনত বহি থকা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ খবৰ লাভ কৰি সংবাদ কৰ্মীসকলে তেওঁক ঘেৰি ধৰে। আৰু অনিল বিজেও দাঁতৰ চিকিৎসা চলি থকাৰ মাজতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থাকে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসামৰিক চিকিৎসালয়খনত উপলব্ধ সা-সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰী চিকিৎসালয়খনত সকলো সুবিধা প্ৰদান কৰা হৈছে আৰু উৎকৃষ্ট চিকিৎসকৰ এটা দল আছে। যাৰ বাবে তেওঁ নিজেও হাস্পতালখনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছে।

ইফালে হাৰিয়ানাত বিগত সময়ত শিশুৰ সন্ধানহীনতাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজে কয় যে নিৰুদ্দেশ হোৱা লোকৰ গোচৰৰ তদন্তৰ বাবে প্ৰস্তুত কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) ইতিবাচক ফলাফল দেখুৱাইছে আৰু বহু নিৰুদ্দেশ হোৱা শিশু আৰু আনক পৰিয়ালৰ সৈতে পুনৰ মিলিত হৈছে।

একে সময়তে পিডিপি নেত্ৰী মেহবুবা মুফতীৰ বক্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী অনিল বিজে কয় যে ভাৰতত মুছলমানসকলৰ যি স্বাধীনতা আছে সেয়া কোনো মুছলমান দেশত নাই। মেহবুবা মুফতীয়ে ভাৰতত বহি এনে বক্তব্য কব পাৰে, যদি চাব বিচাৰে তেন্তে যিকোনো মুছলমান দেশলৈ গৈ চাব লাগে তাত কি অৱস্থা। ইয়াত সকলোকে সমান স্বাধীনতা দিয়া হৈছে আৰু মানুহেও উপভোগ কৰি আছে।