বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এইগৰাকী চিকিৎসক কেন্দ্ৰীয় মন্ত্ৰীয়ে…

বিমানৰ ভিতৰত হঠাতে অসুস্থ হৈ পৰে এগৰাকী যাত্ৰী।

উক্ত যাত্ৰীগৰাকীক তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা আগবঢ়াই সুস্থ কৰি তুলিলে এগৰাকী চিকিৎসক কেন্দ্ৰীয় মন্ত্ৰী ভাগৱত কিষানৰাও কাৰাডে।

যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ লগতে বহুতেই প্ৰশংসাৰে উপচাই পেলাইছে মন্ত্ৰী কাৰাডক।

ইণ্ডিগোৰ বিমানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে যাত্ৰা কৰি থকাৰ সময়তে একেখন বিমানত যাত্ৰা কৰি থকা অন্য এগৰাকী যাত্ৰী ঢলি পৰে আৰু যাত্ৰী গৰাকী ঢলি পৰা প্ৰত্যক্ষ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে যাত্ৰীগৰাকীৰ ওচৰত উপস্থিত হৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

দৰাচলতে কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী ডা০ ভাগৱত কাৰাডে সোমবাৰে নিশা দিল্লীৰ পৰা মুম্বাইলৈ বিমানত যাত্ৰা কৰাৰ সময়ত সহযাত্ৰী এজনক প্ৰাথমিক চিকিৎসা কৰি সাহায্য প্ৰদান কৰে।

উচ্চ ৰক্তচাপত ভোগী যাত্ৰীগৰাকীয়ে হঠাতে অচেতন হৈ পৰিছিল। মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ দেহৰ পৰা কাপোৰ আতৰাই দুয়ো ভৰি দাঙি বুকু মালিচ কৰিবলৈ ধৰে। সমানে গ্লুকোজ দিয়ে। ৩০ মিনিটৰ পিছত স্বাভাৱিক অৱস্থালৈ আহে যাত্ৰীগৰাকী।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত কয়- মই সামান্য সহায় আগবঢ়াব পাৰি নিজকে সৌভাগ্যৱান মানিছো।

এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াত লিখে যে- সদায় হৃদয়ৰ পৰা এজন চিকিৎসক। মোৰ সহযোগীৰ দ্বাৰা কৰা এয়া এক প্ৰশংসনীয় কাম।

ইপিনে, ইণ্ডিগোৰ তৰফৰ পৰাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰা হয়।

Leave a Comment