ৰাষ্ট্ৰীয়

বিপিন ৰাৱাটৰ কফিনত চুম্বন কৰি কান্দোনত ভাগি পৰিল কণিষ্ঠ কন্যা…

প্ৰায় ৪টা দশক দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱা ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাটৰ আজি শেষকৃত্য সম্পন্ন কৰা হব।

পত্নী মধুলিকাৰ সৈতে বাকী ১১গৰাকী বিষয়া-জোৱানৰ নশ্বৰ দেহ বৃহস্পতিবাৰে বিয়লিভাগত দিল্লীলৈ অনা হয়।

দিল্লীত নিহত জোৱানসকলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

লগতে CDS বিপিন ৰাৱাটক শেষ শ্ৰদ্ধা জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

দিল্লীতে পিতৃ-মাতৃক শেষ শ্ৰদ্ধা জনায় বিপিন ৰাৱাটৰ দুই কন্যাইও।

বিপিন ৰাৱাটৰ কণিষ্ঠ কন্যাই পিতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈ পিতৃৰ কফিনত ধৰি কিছুসময় ৰৈ থকাৰ লগতে কান্দি কান্দি কফিনতে কৰিলে কেইবাবাৰো চুম্বন।

উল্লেখ্য যে, বিপিন ৰাৱাটৰ কনিষ্ঠ কন্যা দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *