বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সাংসদ তপন গগৈৰ সুমতি কামনাৰে ৰাইজৰ যজ্ঞ…

মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ।

পুৰোহিতৰ মন্ত্ৰোচৰাণত মুখৰিত হৈছে যজ্ঞস্থলী।যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।

এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা ভগৱানক সন্তুষ্ট কৰিবলৈ নহয়।

এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে।

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল তাল বজাই নাম গাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞ।

যোৰহাট লোকসভা সভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।

বাগিচাখনৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ বাবে মন্ত্ৰী বিধায়ক তথা সাংসদক আৱেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰিলে এই অভিনৱ পন্থা।

উল্লেখ্য যে, চেলেং মাজনৈ চাহ বাগিছাৰ মুল পথ আৰু উপ পথ সমূহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিছা খনৰ ৰাইজে বছৰ বছৰ ধৰি যমৰ যাতনা ভূগ কৰি আহিছে।

জৰুৰীকালীন অৱস্থাত প্ৰসুতি বা ৰোগীক বাগিচাখনৰ ৰাইজে চাঙি কৰি বা ডাংকোলা কৰি নিব লাগে।কিছুদিন পূৰ্বে জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ ১০৮ সেৱাৰ এম্বুলেন্স নোযোৱা বাবে সময়ত চিকিৎসালয় গৈ নোপোৱাত বিৰু পানতাঁতী নামৰ এজন ২৮ বছৰীয়া যুৱকে কৰুণ মৃত্যুক সাৱতি ল’ব লগা হৈছিল।

মৃত্যু হোৱা যুৱকজনৰ পিতৃয়ে পুত্ৰৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদ স্থলীত উপস্থিত থাকি তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।

পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে ভূগি অহা যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বাগিচা খনৰ ৰাইজে অৱশেষত যজ্ঞ পাতি চৰকাৰ তথা সাংসদ, বিধায়কৰ সুমতি অহাৰ কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Comment