বিধায়ক আৱাসৰ আম চুৰি কৰি ৰঙাঘৰৰ আলহী হোৱা সুভাষ বৰ্মনক মিঠাই খুৱালে বিধায়ক অতুল বৰাই, কিন্তু কিয়…

নিউজ ডেস্কঃ আকৌ চৰ্চালৈ আহিছে দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিধায়ক আৱাসৰ আম চুৰিৰ প্ৰসংগ। সোমবাৰে বিধায়কৰ আৱাস এৰাৰ সময়ত তেওঁৰ আৱাস চৌহদৰ আম চুৰি কৰি খোৱাৰ বাবেই এৰাতি থানাত পাৰ কৰিবলগীয়া হোৱা সুভাষ বৰ্মনকো মিঠাই খুৱাই বিদায় ল’লে অতুল বৰাই।

উল্লেখ্য যে, বিধানসভা সচিবালয়ৰ জাননীৰ পিছতে আজি বিধায়ক আৱাস এৰে দিছপুৰৰ বিধায়ক অতুল বৰাই। তেওঁৰ অসম আৰ্হিৰ ঘৰৰ ঠাইত এতিয়া নিৰ্মাণ কৰা হ’ব অট্টালিকা।

আনহাতে বিধায়ক আৱাসা এৰাৰ সময়ত স্থানীয় ব্যৱসায়ী তথা চুবুৰীয়াক মিঠাই খোৱাই বিদায় লয় বিধায়ক অতুল বৰাই। সেই সময়ত তেওঁৰ আৱাসৰ আম চুৰি কৰাৰ অপৰাধত থানাত এৰাতি পাৰ কৰা সুভাষ বৰ্মনকো তেওঁ মিঠাই খুৱায়।

সংবাদ মাধ্যমৰ সৈতে ইয়াৰ পিছতে বাৰ্তালাপ কৰি অতুল বৰাই কয় যে এয়া কোনো ডাঙৰ কথা নাছিল। বৰং সংবাদ মাধ্যমেহে ইয়াক ডাঙৰ কৰি পেলাইছিল।

প্ৰণিধানযোগ্য যে, সুভাষ বৰ্মনৰ বিধায়ক কলনীতে আছে এখন জেৰক্সৰ দোকান। আহাৰৰ আমতিৰ সময়ত তেওঁ অতুল বৰাৰ বিধায়ক চৌহদৰ এজোপা আমগছৰ পৰা এটা পকা আম পাৰি খাইছিল। তাৰ বাবেই তেওঁক আৰক্ষীয়ে আটক কৰি সম্পূৰ্ণ ২৪ ঘণ্টা থানাত আৱদ্ধ কৰি ৰাখিছিল।

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত অৱশেষত উপায়ন্তৰ হৈ বিধায়ক অতুল বৰাই সুুভাষ বৰ্মনক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।