নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ বিধায়কৰ দিছপুৰ স্থিত চৰকাৰী আৱাসৰ পৰা ৫ টাকৈ আম ‘চুৰি’ কৰি বিপদত পৰিল এজন লােক।
দিছপুৰৰ বিধায়ক অতুল বৰাৰ আৱাসৰ চৌহদত গছৰ পৰা আম পাৰি অনাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰে এজন লােকক।
আৰক্ষীয়ে আটক কৰা লােকজনৰ নাম সুভাষ বর্মন বুলি জানিব পৰা গৈছে।

সুভাষ বৰ্মন
উল্লেখ্য দিনৰ ভাগত বিধায়ক আৱাসৰ চৌহদত দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ চৰকাৰী বাসগৃহৰ চৌহদত থকা এজোপা আম গছৰ পৰা ধৃত সুভাষ বৰ্মন নামৰ ব্যক্তিজনে আম পাৰি থাকোতে বিধায়কৰ ৰান্ধনিজনে হাতে লোটে ধৰা পেলায়।
ইয়াৰ পাছতে বিধায়কৰ ৰান্ধনিগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে।

বিধায়ক অতুল বৰা
ইফালে বিধায়কৰ ৰান্ধনিজনৰ এজাহাৰৰ ভিত্তিতে দিছপুৰ থানাৰ আৰক্ষীয়ে সুভাষ বৰ্মন নামৰ ব্যক্তিজনক আটক কৰি থানালৈ লৈ আনে।
বর্তমান সমগ্র ঘটনাটো সন্দৰ্ভত ধৃত ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
জানিব পৰা মতে, সুভাষ বৰ্মন নামৰ লােকজন এজন দােকানী।
লগতে চাওকঃ
উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা সকলোৱে স্কুটী নাপাব, থাকিব কাট অৱ মাৰ্কঃ শিক্ষামন্ত্ৰী










