আজি ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা।
এইবাৰ পৰীক্ষাত কলা শাখাত ৮৩.৪৮ শতাংশ বিজ্ঞান শাখাত ৯২.১৯ শতাংশ আৰু বাণিজ্যক শাখাত ৮৭.২৭শতাংশ শিক্ষাৰ্থী উৰ্ত্তীণ হয়।
ফলাফল ঘোষণা হোৱাৰ পাছতেই এক সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।
পৰীক্ষাত উত্তীৰ্ণসকলক শুভেচ্ছা আৰু অভিনন্দন জনায় শিক্ষামন্ত্রী পেগুৱে।
লগতে তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকলক স্কুটী প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।
কিন্তু স্কুটী প্ৰদানৰ ক্ষেত্ৰত থাকিব কাট অৱ মাৰ্ক। অৰ্থাৎ প্ৰথমবিভাগ পোৱা সকলোৱে নাপাব স্কুটী।নিৰ্ধাৰিত কাট অব্ মাৰ্ক লাভ কৰা সকলকহে স্কুটী দিয়া হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্রিকত উত্তীৰ্ণসকলক বিজ্ঞান, বাণিজ্য শাখাত অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে, মেট্ৰিক পাছ কৰা সকলক মই আহ্বান জনাইছো যে তেওঁলোকে বিজ্ঞান আৰু বাণিজ্য শাখাত অধ্যয়ন কৰাৰ বাবে সাহস কৰক। কাৰণ কৰ্মসংস্থাপনৰ সুবিধা বিজ্ঞান আৰু বাণিজ্য শাখাত বেছিকৈ থাকে।










1 thought on “উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা সকলোৱে স্কুটী নাপাব, থাকিব কাট অৱ মাৰ্কঃ শিক্ষামন্ত্ৰী”
Comments are closed.