বিধায়ক শ্বেৰমান আলীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।
গীতানগৰ থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত ৪ দিনৰ জিম্মাত বিচাৰিছিল গীতানগৰ থানাই।
আদালতে নাকচ কৰিলে গীতানগৰ থানাৰ আবেদন৷
ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা শ্বেৰমান আলীৰ স্বাস্থ্যৰ দিশত গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
সময়ে সময়ে বিধায়কগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ৷
চি এম ভিজিলেন্সৰ পৰা কোনোধৰণৰ পত্ৰ লাভ কৰা নাই বিধায়কগৰাকীৰ অধিবক্তাই৷
উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদৰ প্ৰসংগত শ্বেৰমান আলীয়ে কৰিছিল বিতৰ্কিত মন্তব্য।