অসম

গৰুখুঁটিৰ ঘটনাক লৈ চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

গৰুখুঁটিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূ্ৰ্ণ নিৰ্দেশনা।

গৰুখুঁটিৰ ঘটনাক লৈ চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

গৰুখুঁটিৰ ঘটনাক বৃহৎ ট্ৰেজেদি আখ্যা দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাক লৈ গঠিক এখন বিচাৰপীঠে গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণ কৰি অসম চৰকাৰক এই নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ২৩ ছেপ্তেম্বৰত দৰং জিলাৰ গৰুখুঁটিত প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়ত সংঘটিত হৈছিল হিংসাত্মক ঘটনা।

হিংসাত্মক ঘটনাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষীকে ধৰি ১০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *