
বিধায়ক কুৰ্মীৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী মন্তব্যৰ অভিযোগ! এজাহাৰ দাখিল অধিবক্তা তাইজুদ্দিন আহমেদৰ…
নিউজ ডেস্কঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ তাজমহল আৰু কুটুবমিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণৰ আহ্বান জনাই বিপদত মৰিয়নী সমষ্টিৰ ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী।
বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগ তুলি থানাত দাখিল কৰা হৈছে এখন এজাহাৰ।
অধিবক্তা তাইজুদ্দিন আহমেদে লতাশিল থানাত কুৰ্মীৰ বিৰুদ্ধে দাখিল কৰে এই এজাহাৰ।
এজাহাৰ দাখিল কৰি অধিবক্তাগৰাকীয়ে কয় যে ভাৰতৰ সম্পদ ধ্বংস কৰিম বুলি কৈ ৰাষ্ট্ৰ বিৰোধী আচৰণ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে।
তাজমহল কেৱল মুছলামৰ ধৰ্মীয়স্থলী নহয় বুলি মন্তব্য কৰি তাইজুদ্দিন আহমেদে কয় যে তাজমহলৰ বাবেই বিশ্ববাসীয়ে ভাৰতক চিনি পায়।
এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ সপ্তাশ্বৰ্যৰ অন্যতম তাজমহল ভাঙিব বুলি মন্তব্য কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য কৰে অধিবক্তাগৰাকীয়ে।
উল্লেখ্য যে, পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় বাদ দিয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অতি হিন্দু হোৱাৰ প্ৰমাণ দিব বিচাৰিছিল।
মোগলে নিৰ্মাণ কৰা তাজমহল আৰু কুটুব মিনাৰ ভাঙি তাৰ ঠাইত বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু আটক ধুনীয়া মন্দিৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল ৰূপজ্যোতি কুৰ্মীয়ে।
আনকি এই মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ এবছৰৰ বিধায়কৰ দৰমহা প্ৰদান কৰিব বুলিও মন্তব্য কৰিছিল।
ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ভাৰতৰ সম্পদ ধ্বংস কৰিম বুলি কোৱা মন্তব্য কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। তাজমহল মুছলানৰ ধৰ্মীয় স্থলী নহয়। লতাশীল থানাত এজাহাৰ দাখিল অধিবক্তা তাইজুদ্দিন আহমেদৰ।





