অসমঅসমীয়া

বিদ্যুতৰ তাঁৰত ওলমি থকা মৃত বাদুলীক লােৰ পাইপেৰে নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ জােৱানৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু অসম বিশেষ সংৰক্ষিত বাহিনীৰ জােৱানৰ।

এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰবজাৰ স্থিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ শিবিৰ।

জানিব পৰা মতে, শিবিৰটােৰ ভিতৰত থকা ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত ওলমি থকা বাদুলি এটা লোৰ পাইপেৰে নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে জয়দেৱ ৰাভা (৪২) নামৰ জোৱানজন।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটি লোৱা বৰমাৰ কালজাৰৰ জয়দেৱ ৰাভা আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ।

জোৱানজনৰ মৃতদেহ নলবাৰীস্থিত শ্বহিদ মুকুল কাকতি অসামৰিক হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত বৰবজাৰৰ প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ কাৰ্যালয়ত বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়।

মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, তিনি কন্যাক ইহসংসাৰত এৰি যায়।

তেওঁৰ মৃত্যুত বৰমাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

বাছক অভাৰটেক কৰিবলৈ গৈ বিপদত পৰিল স্কুটি আৰােহী দম্পতী, ঘটনাৰ দৃশ্য ভাইৰেল

Leave a Reply

Your email address will not be published. Required fields are marked *